Posts

Showing posts from May, 2025

H.S Final year Logic and philosophy আগমনৰ ভিত্তি

 1 আগমন অনুমানৰ উদ্দেশ্য  কি? উ: আগমন অনুমানৰ উদ্দেশ্য   হৈছে সিদ্ধান্ত  স্বৰূপেএটা সত্য  বা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠি কৰা । 2 আগমনৰ  ভিত্তি কেইপ্ৰকাৰৰ  আৰু কি কি? উ:দুই প্ৰকাৰৰ।  আকাৰগত ভিত্তি আৰু বস্তুগত  ভিত্তি 3 আগমনৰ ভিত্তি বুলিলে কি বুজা ? উ:শুদ্ধ  যথাৰ্থ সামান্য  বচন  পাবৰ বাবে আগমনে বিশেষ  কিছুমান  কথাৰ ওপৰত  ভিত্তি কৰি জ্ঞাত সত্য ৰ পৰা অজ্ঞাত  সত্যলৈ যাব লগা হয়। ইয়াকে আগমনৰ ভিত্তি বোলে। 4 প্ৰকৃতিৰ  একৰূপতা বিধি আগমন অনুমানৰ __________ভিত্তি  উ: আকাৰগত ভিত্তি 5________প্ৰকৃতিয়ে একে আচৰণ  কৰে। উ: একে পৰিবেশত   6 প্ৰকৃতিৰ একৰূপতা বিধি  সম্পৰ্কে মিলে কৰা পৰস্পৰ বিৰোধী উক্তিত  উদ্ভৱ হোৱা তৰ্কীয় দোষটোৰ নাম ________ উ:চক্ৰক দোষ  7 আগমনৰ  ভিত্তিয়ে আগমনৰ _______ উ:ফল 8 প্ৰকৃতিৰ একৰূপতা বিধি কেইপ্ৰকাৰৰ  আৰু কি কি? উ: দুই প্ৰকাৰৰ।  অনুক্ৰমিতাৰ একৰূপতা আৰু সহ-অৱস্থানৰ একৰূপতা 9 সহ-অৱস্থানৰ একৰূপতা মানে কি? উ:সহ-অৱস্থানৰ একৰূপতাত দুটা  ঘটনা...

H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ

 1 তৰ্কবিজ্ঞানৰ আলোচ্য  বিষয় কি? উ: অনুমান  2 তৰ্কবিজ্ঞানৰ  আদৰ্শ  কি? উ:সত্যতা 3   সত্যতা কেইপ্ৰকাৰৰ? উ:দুই  প্ৰকাৰৰ।  4 নিগমন অনুমানে বস্তুগত  সত্যতা বিচাৰ কৰেনে? উ:নকৰে 5 আগমন অনুমানে বস্তুগত সত্যতা বিচাৰ কৰে নে? উ:কৰে 6 অনুমান কেইপ্ৰকাৰৰ?কি কি? উ:2 প্ৰকাৰৰ। আগমন আৰু নিগমন 7 তৰ্কবিজ্ঞানৰ  মূখ্য উদ্দেশ্য কি? উ:অনুমানৰ জৰিয়তে সত্য  বা যথাৰ্থ  জ্ঞান লাভ কৰা। 8.সত্যতা কেইপ্ৰকাৰৰ  আৰু কি কি? উ:আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা 9 নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত  হয় নে? উ: হয়। 10 নিগমন অনুমান  বস্তুগত  সত্যতাৰ  লগত জড়িত হয়নে? উ:নহয়। 11 আগমন  অনুমান বস্তুগত  সত্যতাৰ লগত জড়িত হয়নে? উ: হয়। 12 আগমনাত্মক জাঁপ কাক বোলে? উ:বিশেষৰ পৰা সামান্যলৈ,"কিছুমানৰ "পৰা  "সকলো"লৈ যোৱা যুক্তিৰ এনে উৰ্ধ্বমুখী গতিকেই  আগমনাত্মক জাঁপ বোলে । 13.তাৎপৰ্য অনুযায়ী সামান্য বচনক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কিকি? উ: দুই ভাগত। বিশ্লেষক বা শাব্দিক  আৰু সংশ্লেষক বা যথাৰ্থ।  14. বিশ্লেষক বচ...