HS Final year Logic and philosophy

 চমু উত্তৰ  লিখা।

1 .যথাৰ্থ  আগমনৰ মূল লক্ষণ  কি?

উ: আগমনাত্মক জাঁপ।

2. পূৰ্ণ  আগমন  যথাৰ্থ  আগমন  হয় নে?

উ: নহয়।

3."কাৰণ  হল অনুকূল  আৰু প্ৰতিকূল  উপকৰণৰ  সমষ্টি"।  কথাষাৰ কোনে কৈছিল? 

উ:মিল

4.কাৰ্যকাৰণ বিধি হল আগমনৰ  বস্তুগত  ভিত্তি। কথাষাৰ  সত্য  নে?

উ:নহয় ।

5.আগমনত আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্ত  অনিবাৰ্য্যভাৱে নিঃসৃত  হয় কথাষাৰ সত্য নে?

উত্তৰ  -নহয় ।

6."সকলো মানুহ  হয়  ধাৰ্মিক  " এই  বচনটো বিশ্লেষক নে সংশ্লেষক?

উ: বিশ্লষক

7. মিলৰ আগমনাভাষত কি দোষ   ঘটিছে?

উ: চক্ৰক দোষ। 

8.পৰিশেষ প্ৰণালী প্ৰয়োগৰ  বাবে কাৰ্য বা কাৰণৰ পূৰ্ব জ্ঞানৰ  দৰকাৰ  হয় নে?

উ:হয়

9 .পূৰ্বস্থাপিত শৃংখলা মতবাদটো কাৰ লগত জড়িত  ? 

উ:লাইবনিজ

10.আধুনিক  দৰ্শনৰ পিতৃ কোন? 

উ: ডেকাৰ্ট

11.বাস্তৱ  কাৰণ কাক বোলে?

উ: যাৰ অস্তিত্ব  স্বীকাৰ  কৰাটো যুক্তি সংগত, যাৰ অস্তিত্বৰ স্বীকৃতি আত্ম  বিৰোধ নহয় তাক বাস্তৱ  কাৰণ বোলে।

12.লেটিন Mores শব্দৰ অৰ্থ কি?

উ: ৰীতি নীতি বা অভ্যাস। 

13.বৈজ্ঞানিক  বাস্তৱবাদৰ প্ৰৱৰ্তক  কোন?

উ: জন লক

14."নিৰীক্ষণ  হল ঘটনাৰ  আৱিষ্কাৰ  আৰু পৰীক্ষণ  হল ঘটনাৰ সৃষ্টি"   উক্তিটো কাৰ?

উ: বেইনৰ

15.পুৰুষাৰ্থ কিমান  প্ৰকাৰৰ?

উ: 4

16. নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান  হয় নে?

উ:নহয়

17.তৰ্কবিজ্ঞানৰ  মূল  আলোচ্য  বিষয়বস্তু কি?

উ:অনুমান 

18.আগমনৰ  বিৰোধাভাষ প্ৰকৃতিৰ একৰূপতা বিধিৰ লগত জড়িত ন?

উ: হয়

19.মিলৰ  প্ৰকল্পৰ  সংজ্ঞা অনুসৰি প্ৰকল্পৰ প্ৰথম স্তৰটো কি?

উ: প্ৰাকৃতিক  ঘটনাৱলীৰ  নিৰীক্ষণ 

20.নৈতিক বিচাৰৰ বিষয়বস্তু কি?

উ:অভিপ্ৰায়

21.বাহ্যিক  জগতখন প্ৰত্যক্ষভাৱে জানিব পৰা যায় বুলি ভৱা মতবাদটোৰ নাম কি?

উ: সৰল বাস্তৱবাদ

22.অন্বয়ী পদ্ধতিৰ  সিদ্ধান্ত  নিশ্চিত নে?

উ:  নিশ্চিত হয়

23.অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত  অন্বয়ী প্ৰণালী প্ৰতিষ্ঠিত?

উ:প্ৰথম সূত্ৰ 

24.'ধৰ্ম ' শব্দটো সংস্কৃত  কি ধাতুৰ পৰা আহিছে?

উ: 'ধৃ ' ধাতুৰ  পৰা

25.নিৰীক্ষণ প্ৰণালীৰূপে ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰিলে যি দোষেৰে দূষিত  হয় তাৰ নাম  কি?

উ: কাকতলীয় দোষ।




Comments

Post a Comment

Popular posts from this blog

H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ

H.S 2 nd year Logic and philosophy important question answer come in final exams in Assamese (1 marks)

H.S Final year Logic and philosophy আগমনৰ ভিত্তি