HS Final year Logic and philosophy
চমু উত্তৰ লিখা।
1 .যথাৰ্থ আগমনৰ মূল লক্ষণ কি?
উ: আগমনাত্মক জাঁপ।
2. পূৰ্ণ আগমন যথাৰ্থ আগমন হয় নে?
উ: নহয়।
3."কাৰণ হল অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টি"। কথাষাৰ কোনে কৈছিল?
উ:মিল
4.কাৰ্যকাৰণ বিধি হল আগমনৰ বস্তুগত ভিত্তি। কথাষাৰ সত্য নে?
উ:নহয় ।
5.আগমনত আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্ত অনিবাৰ্য্যভাৱে নিঃসৃত হয় কথাষাৰ সত্য নে?
উত্তৰ -নহয় ।
6."সকলো মানুহ হয় ধাৰ্মিক " এই বচনটো বিশ্লেষক নে সংশ্লেষক?
উ: বিশ্লষক
7. মিলৰ আগমনাভাষত কি দোষ ঘটিছে?
উ: চক্ৰক দোষ।
8.পৰিশেষ প্ৰণালী প্ৰয়োগৰ বাবে কাৰ্য বা কাৰণৰ পূৰ্ব জ্ঞানৰ দৰকাৰ হয় নে?
উ:হয়
9 .পূৰ্বস্থাপিত শৃংখলা মতবাদটো কাৰ লগত জড়িত ?
উ:লাইবনিজ
10.আধুনিক দৰ্শনৰ পিতৃ কোন?
উ: ডেকাৰ্ট
11.বাস্তৱ কাৰণ কাক বোলে?
উ: যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তি সংগত, যাৰ অস্তিত্বৰ স্বীকৃতি আত্ম বিৰোধ নহয় তাক বাস্তৱ কাৰণ বোলে।
12.লেটিন Mores শব্দৰ অৰ্থ কি?
উ: ৰীতি নীতি বা অভ্যাস।
13.বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক কোন?
উ: জন লক
14."নিৰীক্ষণ হল ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হল ঘটনাৰ সৃষ্টি" উক্তিটো কাৰ?
উ: বেইনৰ
15.পুৰুষাৰ্থ কিমান প্ৰকাৰৰ?
উ: 4
16. নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয় নে?
উ:নহয়
17.তৰ্কবিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু কি?
উ:অনুমান
18.আগমনৰ বিৰোধাভাষ প্ৰকৃতিৰ একৰূপতা বিধিৰ লগত জড়িত ন?
উ: হয়
19.মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ প্ৰথম স্তৰটো কি?
উ: প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ
20.নৈতিক বিচাৰৰ বিষয়বস্তু কি?
উ:অভিপ্ৰায়
21.বাহ্যিক জগতখন প্ৰত্যক্ষভাৱে জানিব পৰা যায় বুলি ভৱা মতবাদটোৰ নাম কি?
উ: সৰল বাস্তৱবাদ
22.অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত নে?
উ: নিশ্চিত হয়
23.অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী প্ৰণালী প্ৰতিষ্ঠিত?
উ:প্ৰথম সূত্ৰ
24.'ধৰ্ম ' শব্দটো সংস্কৃত কি ধাতুৰ পৰা আহিছে?
উ: 'ধৃ ' ধাতুৰ পৰা
25.নিৰীক্ষণ প্ৰণালীৰূপে ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰিলে যি দোষেৰে দূষিত হয় তাৰ নাম কি?
উ: কাকতলীয় দোষ।
Its very helpful
ReplyDelete