H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ

 1 তৰ্কবিজ্ঞানৰ আলোচ্য  বিষয় কি?

উ: অনুমান 

2 তৰ্কবিজ্ঞানৰ  আদৰ্শ  কি?

উ:সত্যতা

3   সত্যতা কেইপ্ৰকাৰৰ?

উ:দুই  প্ৰকাৰৰ। 

4 নিগমন অনুমানে বস্তুগত  সত্যতা বিচাৰ কৰেনে?

উ:নকৰে

5 আগমন অনুমানে বস্তুগত সত্যতা বিচাৰ কৰে নে?

উ:কৰে

6 অনুমান কেইপ্ৰকাৰৰ?কি কি?

উ:2 প্ৰকাৰৰ। আগমন আৰু নিগমন

7 তৰ্কবিজ্ঞানৰ  মূখ্য উদ্দেশ্য কি?

উ:অনুমানৰ জৰিয়তে সত্য  বা যথাৰ্থ  জ্ঞান লাভ কৰা।

8.সত্যতা কেইপ্ৰকাৰৰ  আৰু কি কি?

উ:আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা

9 নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত  হয় নে?

উ: হয়।

10 নিগমন অনুমান  বস্তুগত  সত্যতাৰ  লগত জড়িত হয়নে?

উ:নহয়।

11 আগমন  অনুমান বস্তুগত  সত্যতাৰ লগত জড়িত হয়নে?

উ: হয়।

12 আগমনাত্মক জাঁপ কাক বোলে?

উ:বিশেষৰ পৰা সামান্যলৈ,"কিছুমানৰ "পৰা  "সকলো"লৈ যোৱা যুক্তিৰ এনে উৰ্ধ্বমুখী গতিকেই  আগমনাত্মক জাঁপ বোলে ।

13.তাৎপৰ্য অনুযায়ী সামান্য বচনক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কিকি?

উ: দুই ভাগত। বিশ্লেষক বা শাব্দিক  আৰু সংশ্লেষক বা যথাৰ্থ। 

14. বিশ্লেষক বচনে উদ্দেশ্য  পদ সম্পৰ্কে নতুন জ্ঞানৰ  সন্ধান দিয়ে নে?

উ:নিদিয়ে। 

15.বৈজ্ঞানিক আগমন কোন দুটা মূল বিধিৰ ওপৰত প্ৰতিষ্ঠিত?

উ:প্ৰকৃতিৰ একৰূপতা বিধি আৰু কৰ্যকাৰণ বিধি

16.প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ কি?

উ:একে পৰিবেশত প্ৰকৃতিয়ে একেদৰে  আচৰণ কৰে।

17 কাৰ্যকাৰণ  বিধিৰ অৰ্থ  কি? 

উ:প্ৰত্যেক কাৰ্য্যৰে এটা কাৰণ আছে,কাৰণ নহোৱাকৈ কোনো কাৰ্য  সংঘটিত  হব নোৱাৰে।

18 বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ  হয় নে?

উ:হয়।

19 অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় নে?

উ: নহয

20 আগমন কেইপ্ৰকাৰৰ আৰু কি কি?

উ:দুই প্ৰকাৰৰ।  প্ৰকৃত আগমন  আৰু  তথাকথিত আগমন 

21 প্ৰকৃত  আগমন কেইপ্ৰকাৰৰ আৰু কিকি ?

উ:3 প্ৰকাৰৰ। বৈজ্ঞানিক,অবৈজ্ঞানিক আৰু সাদৃশ্যানুমান

22 তথাকথিত আগমন  কেইপ্ৰকাৰৰ  আৰু কিকি?

উ:তিনি প্ৰকাৰৰ। পূৰ্ণ আগমন, যুক্তিসাদৃশ্যানুমান

আৰু ঘটনাসংযোজন।

23 পৰ্যৱেক্ষণ কেইপ্ৰকাৰৰ  আৰু কিকি?

উ:দুই প্ৰকাৰৰ। নিৰীক্ষণ আৰু পৰীক্ষণ 

24 সাদৃশ্যনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় নে?

উ:নহয়

25 সাদৃশ্যনুমান কেইপ্ৰকাৰৰ আৰু কিকি?

উ:দুই প্ৰকাৰৰ। সুসাদৃশ্যনুমান বা সজসাদৃশ্যনুমান আৰু দু:সাদৃশ্যনুমানৰ বা দুষ্ট সাদৃশ্যনুমান

26 সাদৃশ্যনুমান কাৰ্যকাৰণ  বিধিৰ  ওপৰত নিৰ্ভৰ  হয়নে?

উ:নহয় 

27 সাদৃশ্যনুমানৰ মূলভিত্তি কি?

উ:সাদৃশ্য জ্ঞানেই সাদৃশ্যনুমানৰ মূলভিত্তি 

28 সকলো প্ৰকাৰৰ অনুমানেই মূলত: সাদৃশ্যনুমানভিত্তিক নে?

উ: হয়

29 আগমন  অনুমান  কি কি সত্যতাৰ লগত জড়িত?

উ:আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা

30 বৈজ্ঞানিক আগমনে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে নে?

উ: কৰে

31 অবৈজ্ঞানিক  আগমনত আগমনাত্মক জাঁপ  আছে নে?উ: আছে

32 অবৈজ্ঞানিক আগমন কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ হয় নে?

উ নহয়

33 বৈজ্ঞানিক আগমন কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ হয় নে?

উ: হয়

34  সাদৃশ্যনুমানক আগমনৰ " নিৰ্দেশ চিহ্ন"" বুলি কোনে অভিহিত কৰিছে?

উ:তৰ্কবিজ্ঞানী মিল

35" সকলো অনুমানেই মলতঃ সাদৃশ্যনুমান ভিত্তিক" কথাষাৰ  কোনে কৈছিল?

উ:তৰ্কবিজ্ঞানী মিল।

36 যথাৰ্থ আগমনৰ মূল লক্ষণ কি?

উ আগমনাত্মক জাঁপ। 

37 14. সংশ্লেষক বচনে উদ্দেশ্য  পদ সম্পৰ্কে নতুন জ্ঞানৰ  সন্ধান দিয়ে নে?

উ:দিয়ে

Comments

Post a Comment

Popular posts from this blog

H.S 2 nd year Logic and philosophy important question answer come in final exams in Assamese (1 marks)

H.S Final year Logic and philosophy আগমনৰ ভিত্তি