H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ
1 তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় কি?
উ: অনুমান
2 তৰ্কবিজ্ঞানৰ আদৰ্শ কি?
উ:সত্যতা
3 সত্যতা কেইপ্ৰকাৰৰ?
উ:দুই প্ৰকাৰৰ।
4 নিগমন অনুমানে বস্তুগত সত্যতা বিচাৰ কৰেনে?
উ:নকৰে
5 আগমন অনুমানে বস্তুগত সত্যতা বিচাৰ কৰে নে?
উ:কৰে
6 অনুমান কেইপ্ৰকাৰৰ?কি কি?
উ:2 প্ৰকাৰৰ। আগমন আৰু নিগমন
7 তৰ্কবিজ্ঞানৰ মূখ্য উদ্দেশ্য কি?
উ:অনুমানৰ জৰিয়তে সত্য বা যথাৰ্থ জ্ঞান লাভ কৰা।
8.সত্যতা কেইপ্ৰকাৰৰ আৰু কি কি?
উ:আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা
9 নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত হয় নে?
উ: হয়।
10 নিগমন অনুমান বস্তুগত সত্যতাৰ লগত জড়িত হয়নে?
উ:নহয়।
11 আগমন অনুমান বস্তুগত সত্যতাৰ লগত জড়িত হয়নে?
উ: হয়।
12 আগমনাত্মক জাঁপ কাক বোলে?
উ:বিশেষৰ পৰা সামান্যলৈ,"কিছুমানৰ "পৰা "সকলো"লৈ যোৱা যুক্তিৰ এনে উৰ্ধ্বমুখী গতিকেই আগমনাত্মক জাঁপ বোলে ।
13.তাৎপৰ্য অনুযায়ী সামান্য বচনক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কিকি?
উ: দুই ভাগত। বিশ্লেষক বা শাব্দিক আৰু সংশ্লেষক বা যথাৰ্থ।
14. বিশ্লেষক বচনে উদ্দেশ্য পদ সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান দিয়ে নে?
উ:নিদিয়ে।
15.বৈজ্ঞানিক আগমন কোন দুটা মূল বিধিৰ ওপৰত প্ৰতিষ্ঠিত?
উ:প্ৰকৃতিৰ একৰূপতা বিধি আৰু কৰ্যকাৰণ বিধি
16.প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ কি?
উ:একে পৰিবেশত প্ৰকৃতিয়ে একেদৰে আচৰণ কৰে।
17 কাৰ্যকাৰণ বিধিৰ অৰ্থ কি?
উ:প্ৰত্যেক কাৰ্য্যৰে এটা কাৰণ আছে,কাৰণ নহোৱাকৈ কোনো কাৰ্য সংঘটিত হব নোৱাৰে।
18 বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় নে?
উ:হয়।
19 অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় নে?
উ: নহয
20 আগমন কেইপ্ৰকাৰৰ আৰু কি কি?
উ:দুই প্ৰকাৰৰ। প্ৰকৃত আগমন আৰু তথাকথিত আগমন
21 প্ৰকৃত আগমন কেইপ্ৰকাৰৰ আৰু কিকি ?
উ:3 প্ৰকাৰৰ। বৈজ্ঞানিক,অবৈজ্ঞানিক আৰু সাদৃশ্যানুমান
22 তথাকথিত আগমন কেইপ্ৰকাৰৰ আৰু কিকি?
উ:তিনি প্ৰকাৰৰ। পূৰ্ণ আগমন, যুক্তিসাদৃশ্যানুমান
আৰু ঘটনাসংযোজন।
23 পৰ্যৱেক্ষণ কেইপ্ৰকাৰৰ আৰু কিকি?
উ:দুই প্ৰকাৰৰ। নিৰীক্ষণ আৰু পৰীক্ষণ
24 সাদৃশ্যনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় নে?
উ:নহয়
25 সাদৃশ্যনুমান কেইপ্ৰকাৰৰ আৰু কিকি?
উ:দুই প্ৰকাৰৰ। সুসাদৃশ্যনুমান বা সজসাদৃশ্যনুমান আৰু দু:সাদৃশ্যনুমানৰ বা দুষ্ট সাদৃশ্যনুমান
26 সাদৃশ্যনুমান কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ হয়নে?
উ:নহয়
27 সাদৃশ্যনুমানৰ মূলভিত্তি কি?
উ:সাদৃশ্য জ্ঞানেই সাদৃশ্যনুমানৰ মূলভিত্তি
28 সকলো প্ৰকাৰৰ অনুমানেই মূলত: সাদৃশ্যনুমানভিত্তিক নে?
উ: হয়
29 আগমন অনুমান কি কি সত্যতাৰ লগত জড়িত?
উ:আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা
30 বৈজ্ঞানিক আগমনে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে নে?
উ: কৰে
31 অবৈজ্ঞানিক আগমনত আগমনাত্মক জাঁপ আছে নে?উ: আছে
32 অবৈজ্ঞানিক আগমন কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ হয় নে?
উ নহয়
33 বৈজ্ঞানিক আগমন কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ হয় নে?
উ: হয়
34 সাদৃশ্যনুমানক আগমনৰ " নিৰ্দেশ চিহ্ন"" বুলি কোনে অভিহিত কৰিছে?
উ:তৰ্কবিজ্ঞানী মিল
35" সকলো অনুমানেই মলতঃ সাদৃশ্যনুমান ভিত্তিক" কথাষাৰ কোনে কৈছিল?
উ:তৰ্কবিজ্ঞানী মিল।
36 যথাৰ্থ আগমনৰ মূল লক্ষণ কি?
উ আগমনাত্মক জাঁপ।
37 14. সংশ্লেষক বচনে উদ্দেশ্য পদ সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান দিয়ে নে?
উ:দিয়ে
Its Helpful for mcq 50 marks in Logic and philosophy
ReplyDeleteThanks ma'am
ReplyDeleteWelcome
Delete